ছহীহ বুখাৰী
org.nativescript.bukharihadith
View detailed information for ছহীহ বুখাৰী — ratings, download counts, screenshots, pricing and developer details. See integrated SDKs and related technical data.
- No items.
Screenshots
Description
সকলো ধৰণৰ প্রশংসা একমাত্র আল্লাহৰ বাবে, দৰুদ আৰু ছালাম অৱতীৰ্ণ হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।
অসমীয়া ভাষাভাষী সকলো লোকে যাতে বুখাৰীৰ হাদীছসমূহৰ দ্বাৰা উপকৃত হব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ এপ্লিকেচন আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো। এইটো আমাৰ প্ৰথম ধাপ, ইয়াত আমি ১৩৯৪ টা হাদীছ সন্নিবিষ্ট কৰিছো।
অনাগত দিনত আমি এই এপ্পটোত বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ আন আন কিতাপসমূহ অসমীয়ালৈ অনুবাদ কৰি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰিম।
বৰ্তমান এপ্পটোত হাদীছ নম্বৰৰ দ্বাৰা আৰু অসমীয়া শব্দৰ দ্বাৰা হাদীছ অনুসন্ধান কৰাৰ সুবিধা আছে, লগতে লাষ্ট ৰিড বুকমাৰ্ক আৰু কপি কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।
যিহেতু এইটো আমাৰ প্ৰথম চেষ্টা, গতিকে লাহে লাহে ফিচাৰসমূহ যোগ কৰা হ’ব ইন শ্বা আল্লাহ।
অনুবাদকঃ শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান
এপ্পটো প্ৰস্তুত কৰিছেঃ চৈয়দ ইনজামূল হক |
অৱশেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথিৱী আৰু আখিৰাতত উত্তম প্ৰতিদান দান কৰা আমাৰ সেই সকলো ভাতৃক, যিসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতিনিয়ত এই এপ্পটোৰ কৰ্মত নিয়োজিত আছিল।